May 7, 2024 2:37 PM

views 48

দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ চলি আছে

♦দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। শান্তিপূর্ণভাৱে চলি থকা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদা-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্রহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি তৃতীয় পৰ্যায়ত দিনৰ এক...

May 7, 2024 12:52 PM

views 57

১১ মে’ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

♦ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে'ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিকে ধৰি বিভিন্ন আপোচযোগ্য গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ লেন দেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাছুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ...

May 7, 2024 12:46 PM

views 55

ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি নির্বাচন আয়োগৰ নিৰ্দেশনা

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ভুৱা তথ্য ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা দলসমূহক সতৰ্ক কৰি এলানি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি দলসমূহে তিনি ঘণ্টাৰ ভিতৰত সামাজিক মাধ্যমৰ পৰা ভুৱা তথ্য আঁতৰাই নিদিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে এটা বিজ্ঞপ্তিৰ জৰিয়তে ডীপ ফেক ভিডিঅ' আৰু অডিঅ' ব্যৱহাৰ কৰি ৰাজনৈতিক দলসমূহে অপপ্ৰচাৰ চলোৱাৰ ঘটনা অতি উদ্বেগজনক বুলি উল্লেখ কৰিছে।

May 7, 2024 12:32 PM

views 85

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ১,৩৫১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ১২৩ গৰাকী মহিলা প্রার্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ৫৯১ গৰাকীৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ৰ অৰ্হতা আছে। আনহাতে, ৪১১ গৰাকী প্ৰাৰ্থী ২৫ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰৰ আৰু ৭১২ গৰাকী ৪১ৰ পৰা ৬০ বছৰ বয়সৰ ভিতৰৰ। তৃতীয় পৰ্যায়ত অসমত ৪ খন, বিহাৰৰ ৫, ছত্তিশগড়ৰ ৭, গোৱাৰ দুখন, গুজৰাটৰ ২৫, কৰ্ণাটকৰ ১৪, মধ্যপ্ৰদেশৰ ৮...

May 7, 2024 12:22 PM

views 74

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে আজি দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহা ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ’ব।

May 6, 2024 6:39 PM

views 40

লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি

লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হব। এই পর্যায়ত ৭খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ ৫৭খন লোকসভা আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পর্যায়ত উত্তৰ প্ৰদেশ আক পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্রীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পর্যায়ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৪ মে'। ১ জুনত সপ্তম পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ'ব।

May 6, 2024 2:18 PM

views 52

গৃহ মন্ত্ৰী অমিত শ্বাহে বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব

♦ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ সমষ্টিপুৰ জিলাত এখন জনসভাক সম্বোধন কৰিব। শ্ৰী শ্বাহে আজি বিয়লি উজিয়াৰপুৰ সংসদীয় সমষ্টিৰ অধীনৰ নাৰঘঘিত বিজেপি প্রার্থী নিত্যানন্দ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। ইফালে, মিত্ৰজোঁটৰ তৰফৰ পৰা আৰ জে ডিৰ উজিয়াৰপুৰ আসনখনৰ বাবে প্রাক্তন মন্ত্ৰী আলোক কুমাৰ মেহতাক প্রার্থিত্ব প্ৰদান কৰা হৈছে। আৰ জে ডিৰ নেতা তথা প্রাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী য়াদৱেও আজি চাৰণ আৰু চিৱান সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব।

May 6, 2024 1:52 PM

views 76

কাইলৈ ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ

♦ ৰাজ্যত কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।এই পৰ্যায়ত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। পূৰ্বে এই পৰ্যায়ত ৯৪ টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও মধ্য প্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ্গৰাকী বিনাপ্রতিদ্ব...

May 6, 2024 1:52 PM

views 64

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে ৰাজ্যত তৃতীয় পৰ্যায়ত কাইলৈ হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব । Read More: ৰ...

May 6, 2024 1:38 PM

views 59

নির্বাচনী আচৰণ বিধি উলংঘা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ নিৰ্বাচন আয়োগৰ আহ্বান

♦ দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে।