October 26, 2026 6:53 PM

views 3

শ্রীভূমি জিলাত শনিবাৰে নিশা সংঘটিত আক্ৰমণৰ ঘটনা সন্দৰ্ভত জিলাখনৰ বিশেষ আৰক্ষী অধীক্ষক লীনা দলেৰ প্ৰতিক্ৰিয়া প্ৰকাশ

শ্রীভূমি জিলাত শনিবাৰে নিশা সংঘটিত আক্ৰমণৰ ঘটনা সন্দৰ্ভত জিলাখনৰ বিশেষ আৰক্ষী অধীক্ষক লীনা দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত বিশেষ আৰক্ষী অধীক্ষক দলেই কয় যে বিহু দলৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাত সাম্প্ৰদায়িক যোগসূত্র নাই। অতিমাত্ৰা সুৰাপানেই ঘটনাটোৰ মূল কাৰণ বুলি তেওঁ মন্তব্য কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীৰ প্ৰাথমিক তদন্তত ঘটনাটো সুৰাপানৰ বাবে হোৱা বুলি জানিবলৈ দিছে।