October 22, 2024 2:48 PM

views 61

পূব লেবাননত ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত

পূব লেবাননৰ বালবেক চহৰৰ এটা ঘৰত ইজৰাইলৰ ড্ৰ'ন আক্ৰমণত কালি ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মধ্য বালবেকৰ নবি ইনাম এলেকাত থকা ঘৰটোত ইজৰাইলী ড্র'নে আক্ৰমণ কৰে। ইফালে, হিজবুল্লাহে কৈছে যে খালেট ৱাৰ্ডেহ অঞ্চলত থকা ইজৰাইলৰ সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি হিজবুল্লাহে ৰকেট চালভো নিক্ষেপ কৰিছে। ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলী সেনাই লেবাননত বিমান আক্রমণ অব্যাহত ৰাখিছে।

September 19, 2024 12:26 PM

views 72

লেবাননত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৩২ জন লোকৰ মৃত্যু

লেবাননত মঙলবাৰে আৰু কালি সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে। এই বিস্ফোৰণলানিত সশস্ত্র সংগঠন হিজবুল্লাহে কিছু যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কালি দেশখনত সংঘটিত ৱাকি-টকি বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ২০লৈ বৃদ্ধি পাইছে আৰু ৪৫০ জনতকৈ অধিক লোক আহত হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে পেজাৰ বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০০০ লোক আহত হয়। পূৰ্বৰ বিস্ফোৰণত নিহত লোকসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে হোৱা ব...