June 7, 2026 6:53 PM

views 7

নগাওঁ জিলাত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্রতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্রদান

নগাওঁ জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অর্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্রতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্রদান কৰে। এই বেংক সখীসকলৰ কাম-কাজত সহায়ক হোৱাকৈ ৫১ টা লেপটপ প্রদান কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে লগতে বেংক সখীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰো বুজ লয়।