February 22, 2025 7:12 PM

views 34

লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ বাবে নিৰীক্ষণ সমিতিৰ বৈঠক

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ বাবে নিৰীক্ষণ সমিতিৰ এখন বৈঠক আজি লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই বৈঠকত অংশ লয়।