July 4, 2024 1:01 PM

views 47

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক কালি নতুন দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয় কর্তৃপক্ষই জনোৱা মতে, নেতাগৰাকীৰ বৰ্তমান অৱস্থা সুস্থিৰ। চিকিৎ‍সকসকলে আদবানীৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আছে। যোৱা সপ্তাহত জেষ্ঠ নেতাগৰাকীক বাৰ্ধক্যজনিত কাৰণত নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল যদিও এদিনৰ পাছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল।