February 19, 2025 8:24 PM

views 18

আজি কোৱালালামপুৰত মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক অনুষ্ঠিত

মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি কোৱালালামপুৰত অনুষ্ঠিত হয়। ভাৰতৰ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু মালয়েছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব প্ৰধান লোকমন হাকিম বিন অলিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। যোৱা কেইটামান বছৰজুৰি দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত নিয়মীয়া কাৰ্যকলাপেৰে ক্ৰমান্বয়ে বৃদ্ধি পোৱা দ্বিপাক্ষিক সহযোগিতাক লৈ দুয়োপক্ষই সন্তোষ প্রকাশ কৰে। আজিৰ বৈঠকত দুয়োখন দেশে আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন বিষয়ক সামৰি আলোচনা কৰাৰ লগতে প্ৰভাৱশালী আৰু ...