January 23, 2025 1:12 PM

views 35

মৰিগাঁও-জাগীৰোড সংযোগী পথৰ কপিলী নৈৰ পকী দলং পহিলা ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা পহিলা ফেব্ৰুৱাৰীত মৰিগাঁও-জাগীৰোড সংযোগী পথৰ কপিলী নৈৰ ওপৰৰ নৱনিৰ্মিত পকী দলংখন উদ্বোধন কৰিব। জাগী ভকতগাঁৱত কপিলী নৈৰ ওপৰত নিৰ্মীয়মাণ দলংখনৰ কাম-কাজৰ বুজ লৈ কালি জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ দলংখনৰ কামসমূহ যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। এই দলংখনে জাগীৰোড আৰু মৰিগাঁওবাসীৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰিব বুলি আশা কৰা হৈছে।