November 11, 2024 12:17 PM

views 21

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আজি এখন বিশেষ আদালতত আৰম্ভ

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আজি এখন বিশেষ আদালতত আৰম্ভ হ'ব। ফাষ্টট্ৰেক আদালতত দৈনিক এই বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি হ'ব। উল্লেখযোগ্য যে যোৱা ৯ আগষ্টৰ পুৱা চিকিৎ‍সালয়খনত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ৯৪ দিনৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ৩৫ দিন পূর্বে কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আইয়ে প্রথমখন অভিযোগনামা দাখিল কৰে। এই অভিযোগনামাত সঞ্জয় ৰয়ক হত্যা আৰু ধৰ্ষণৰ অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে।