June 24, 2026 8:34 PM
12
কলকাতাৰ তৰাটালাত নির্মীয়মান গুডাম ভাঙি পৰাত ৩ জন লোকৰ মৃত্যু
আজি কলকাতাৰ তৰাটালাত নির্মীয়মান এটা গুডাম ভাঙি পৰাত ৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু ৫ জন আহত ব্যক্তি এছ এছ কে এম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এন ডি আৰ এফ, আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় লোকৰ সহযোগত দুর্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে। নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী অগ্নিমিত্র পাল আৰু ডাঃ ইন্দ্রনীল খাঁ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দুর্ঘটনাত ক্ষতিগ্রস্ত লোকসকলক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।