June 26, 2026 8:27 PM
15
কলকাতাৰ তাৰাটালাত সংঘটিত ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি
কলকাতাৰ তাৰাটালাত সংঘটিত নির্মীয়মান অট্টালিকা ভাগি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। আহতসকল কলকাতাৰ এছ এছ কে এম হস্পিতালত চিকিৎসাধীন হৈ আছে। বর্তমানলৈও উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত অভিযুক্ত কৰি পুলিচে এগৰাকী চৰকাৰী বিষয়াৰ লগতে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্য চৰকাৰে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিহতসকলৰ নিকটআত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আহতসকলৰ বাবে ৫০ হাজাৰ টকাকৈ ঘোষণা কৰিছে। মুখ্যমন্ত্রী শ...