January 4, 2025 12:13 PM

views 32

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত এই ট্রান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নত মানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে।  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ এফ এম ট্রান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে।