January 21, 2026 7:55 PM

views 47

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণত

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। জিলাখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ো আজি জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ভুৱা তথ্য আৰু উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক প্ৰশাসন আৰু সুৰক্ষা বাহিনীক পৰিস্...