June 16, 2026 1:30 PM
2
কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক
কোকৰাঝাৰ জিলাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱা হয়। কোকৰাঝাৰৰ উপ-আয়ুক্ত ড° পি উদয় প্রবীণে এই বৈঠকত সভাপতিত্ব কৰে। গোসাইগাঁৱৰ বিধায়ক সভাৰাম বসুমতাৰী, বাওখুংগ্ৰীৰ বিধায়ক ৰূপম চন্দ্ৰ ৰয়, পৰ্বতঝোৰাৰ বিধায়ক মহম্মদ আশ্রাফুল ইছলাম শ্বেইখ, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ মুৰববীসকল এই বৈঠকত উপস্থিত থাকে। অতিৰিক্ত জিলা আয়ুক্তই জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ চমু খতিয়...