January 22, 2026 7:20 PM

views 54

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধিৰ দলে আজি পুৱা জিলাখনৰ আশ্রয় শিৱিৰসমূহ পৰিদৰ্শন কৰি শিৱিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কার্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি চিৰাঙত সাংবাদিকৰ আগত কয়, যে তেওঁ বিভিন্ন নাগৰিক সংগঠনসমূহৰ সৈতে কালি কথা-বতৰা পাত...

August 22, 2024 6:26 PM

views 72

বি-টি-আৰৰ অন্তৰ্গত ৯০০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ

কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আজি আয়োজিত অনুষ্ঠানত বি-টি-আৰৰ অন্তৰ্গত মুঠ ৯০০গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। বি-টি-আৰৰ অন্তৰ্গত প্ৰাদেশিকীকৃত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ কলা, বিজ্ঞান আৰু হিন্দী বিষয়ৰ শিক্ষকৰ নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। বি-টি-চি প্রধান প্রমোদ বড়োৱে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।