February 19, 2025 8:21 PM

views 48

কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী নেপালৰ ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ’ব বুলি ওড়িশাৰ মুখ্যমন্ত্ৰীৰ আশ্বাস

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ভূৱনেশ্বৰৰ কলিংগ ঔদ্যোগিক প্রযুক্তি প্রতিষ্ঠান –চমুকৈ কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত নেপালৰ এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ'ব আৰু দোষীক আইনৰ আওতালৈ অনা হ'ব বুলি নেপালৰ দূতাবাসক আশ্বাস দিছে। শ্রীমাঝিয়ে আজি নেপাল দূতাবাসৰ দুগৰাকী কটকীৰ সৈতে এই সন্দৰ্ভত কথা পাতে আৰু বিশ্ববিদ্যালয়ৰ চৌহদত বাস কৰা শ শ নেপালী ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা সম্পর্কে তেওঁলোকক আশ্বস্ত কৰে। বিশ্ববিদ্যালয়খনত শীঘ্ৰে শান্তিৰ পৰিবেশ ঘুৰাই অনা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাক...