February 23, 2025 8:41 PM

views 22

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ মৃত্যু

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৩ বছৰ। দীৰ্ঘদিন ধৰি যকৃতকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। দৰং জিলাৰ মেনাপাৰা নিৱাসী ধৰিত্ৰীয়ে আন্তঃজিলা ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত কেইবাবাৰো মঙলদৈ দলক প্রতিনিধিত্ব কৰি সুখ্যাতি অৰ্জন কৰিছিল। ধৰিত্ৰীৰ অকাল মৃত্যুত মঙলদৈ ক্রীড়া মহলত শোকৰ ছাঁ পৰিছে।