January 19, 2025 12:12 PM

views 29

খো-খো বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দল

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো-খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ দলে কালি দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক ৬২-৪২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰত আজি ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেপালে কালি ছেমিফাইনেলত ইৰানক ৭২–২৯ পইণ্টত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলে জয়ৰ ধাৰা অব্যাহত ৰাখি দক্ষিণ আফ্ৰিকাক ৬৬-১৬ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত ক...