May 24, 2025 12:28 PM

views 55

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত

খেলো ইণ্ডিয়া বীচ্ছ গেমছত অসমে এটা সোণসহ ৮ টা পদক জয়েৰে অভিযান সমাপ্ত কৰিছে। দমন আৰু দিউৰ লগতে দাদাৰা আৰু নগৰ হাবেলীত অনুষ্ঠিত উদ্বোধনী বৰ্ষৰ প্ৰতিযোগিতাখনত অসম পদক তালিকাৰ দহ নম্বৰ স্থানত আছে। উদ্বোধনী বৰ্ষৰ খেলো ইণ্ডিয়া বীচ্ছ গেমচত মুঠ ৬বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত পাঁচটা সোণসহ মুঠ ১৩ টা পদকেৰে মণিপুৰ শীৰ্ষ স্থানত আছে।

May 23, 2025 12:31 PM

views 72

খেলো ইণ্ডিয়া বীচ্চ গেমছত অসমৰ ল’ৰাৰ দলৰ ছেপাকটাক্ৰ’ত সোণৰ পদক অৰ্জন

অসমৰ ল'ৰাৰ দলে দমন আৰু দিউত চলি থকা প্রথম খেলো ইণ্ডিয়া বীচ্চ গেমছৰ ছেপাকটাক্ৰ'ত সোণৰ পদক অৰ্জন কৰিছে। দলটোৱে কালি ফাইনেলত দিল্লীক ১৭-১৪, ১৫-১৩, ১৫-১১ ফলাফলত পৰাস্ত কৰে । একেদৰে টিপু পাটিৰে পেনছাক চিলাটত ল'ৰাৰ ৫৫ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈগৰাকী কালি ছেমি ফাইনেলত পৰাস্ত হয়। ইপিনে, পেনছাক চিলাটৰ ল'ৰাৰ ৬৫ কিলোগ্রাম ওজন শাখাত প্ৰঞ্জল ৰাভা আৰু ছোৱালীৰ ৬৫ কিলোগ্রাম ওজন শাখাত লাকী দাসে ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰিছে। ছোৱালী ৭৫ কিলোগ্রাম ওজন শাখাত খে...

May 22, 2025 12:14 PM

views 62

দমন আৰু ডিউত চলিত খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমৰ দুটা ব্ৰঞ্জৰ পদক লাভ

■ দমন আৰু ডিউত চলি থকা খেলো ইণ্ডিয়া বিচ্চ গেমছত অসমে কালি দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইয়াৰ পেনচাক চিলাটৰ ছোৱালীৰ গানডা ইভেণ্টৰ ডাবলছত কবিতা মুছাহাৰী আৰু সোণালী মুছাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰে। অসমে আনটো ব্ৰঞ্জৰ পদক ল’ৰাৰ ছেপাক টাক্ৰোৰ দলীয় শাখাত পাবলৈ সমর্থ হয়।