September 16, 2024 11:57 AM

views 27

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা পাছেতি মহোৎসৱ

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাছেতি মহোৎসৱ আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি এই মহোৎসৱ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তী পালনৰ স্মাৰক হিচাপে নিৰ্মাণ কৰা ধৰ্মধ্বজাৰ বেদী উন্মোচন কৰিব। দৰঙৰ অন্যতম লোক উৎসৱ হিচাপে পৰিচিত পাছেতি মহোৎসৱ ১৯ ছেপ্টেম্বৰত অন্ত পৰিব। ইপিনে আজিৰ এই উদ্বোধনী অনুষ্ঠানত পর্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ দিলীপ শ‍ইকীয়া উপস্থিত থাকিব।