May 15, 2024 11:30 AM

views 20

ইছৰোৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ এছ পানিকাৰ সোমনাথৰ সৈতে মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ তথা কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ সচিব এছ পানিকাৰ সোমনাথৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে ইছৰোই গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত স্থাপন কৰিবলৈ লোৱা নেটৱৰ্ক অৱ স্পেচ অৱজেক্ট ট্রেকিং এণ্ড এনালাইছিছ চমুকৈ নেট্ৰ প্রকল্প সন্দৰ্ভত ইছৰোৰ অধ্যক্ষগৰাকীৰ সৈতে আলোচনা কৰে। এই আলোচনাকালত অসম বিজ্ঞান প্রযুক্তি, আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড০ জয়দীপ বৰুৱা, অসম ৰাজ্যিক মহাকাশ গৱেষণ...