July 27, 2026 8:32 PM

views 4

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ সংবাদমেল

ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে । মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে।  ক্ষতিগ্রস্ত লোকসকলক সহায়ৰ বাবে ২ লাখ ৮৮ হাজাৰ পেকেট খাদ্য সামগ্রী, ৬ লাখ ৭০ হাজাৰ লিটাৰ খোৱাপানী আৰু ৩০ হাজাৰ পৰিয়ালক তিৰ্পাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত ৬৬ হাজাৰ গৰু-ছাগলী আৰু ৭১ হাজাৰ হাঁহ-কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।