November 26, 2024 12:19 PM

views 21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা অহা ২৯ নৱেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় পর্যটন মেলা অনুষ্ঠিত হ'ব। কাজিৰঙাৰ লগতে ৰাজ্যখনৰ পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে কেন্দ্ৰীয় পর্যটন মন্ত্ৰালয়ে অসম পৰ্যটনৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। এই পর্যটন মেলাত বিভিন্ন দেশৰ ২০ গৰাকী প্ৰতিনিধিৰ লগতে কেন্দ্রীয় পর্যটন মন্ত্ৰ্যালয়ৰ ১৮০ গৰাকী প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। বিদেশী অতিথিসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাতীখুলি চাহ বাগিচা আৰু কাজিৰঙা জাতীয় অর্কিড উদ্যান দর্শন কৰিব। উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে...