June 4, 2025 2:05 PM

views 48

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ প্লাৱিত কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ঘাঁহনি অঞ্চলসমূহ পানীত বুৰ যোৱাত পহু, গঁড়, হাতীকে ধৰি অন্যান্য জীৱ-জন্তুৱে বানৰ পৰা ৰক্ষা পোৱাৰ লগতে খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যোৱা ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমগ্ৰ অংশটোৰ চাৰিওকাষে পানী বিপদসীমাৰ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ সমজিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ আৰু সমজিলা আয়ুক্তই বন্যপ্ৰাণী সুৰক্ষা তথা জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য...