December 25, 2024 8:12 PM

views 39

কাজাখস্তানত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় ৩০ জন লোকৰ মৃত্যু

কাজাখস্তানত আজি প্রায় ৭০ জন যাত্রী কঢ়িয়াই নিয়া বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰায় ৩০ জন লোকৰ মৃত্যু হয়। কাজাখস্তানৰ আকতাউ চহৰৰ ওচৰত জৰুৰীকালিন অৱতৰণৰ সময়ত আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখন অগ্নিদগ্ধ হয় বুলি আজাৰবাইজানৰ কৰ্তৃপক্ষই জনাইছে। বিমানখন ৰাচিয়াৰ গ্ৰজনিলৈ গৈ আছিল যদিও ঘন কুঁৱলিৰ বাবে বিমানখনৰ পথৰ পৰিৱৰ্তন কৰা হৈছিল বুলি বিমান সংস্থাটোৱে সংবাদ মাধ্যমক জনাইছে।