September 8, 2025 9:39 PM

views 65

কাঠমাণ্ডুৰ বানেশ্বৰত নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনাত ১৪ জন লোকৰ মৃত্যুৰ লগতে ১০০ জনৰো অধিক লোক আহত

কাঠমাণ্ডুৰ বানেশ্বৰত আজি জেন জি অর্থাৎ নৱপ্ৰজন্মৰ বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলোৱা গুলীচালনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। প্ৰধানমন্ত্রী কে পি শর্মা অলীয়ে আজি সন্ধিয়া কাঠমাণ্ডুত নিজৰ বাসগৃহত মন্ত্ৰী পৰিষদ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মাজত জৰুৰী বৈঠকৰ আহ্বান কৰিছে। চৰকাৰে শেহতীয়াকৈ মুখ্য সামাজিক মাধ্যমৰ মঞ্চসমূহত নিষেধাজ্ঞা, আৰোপ কৰাৰ ফলত এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে। নিৰাপত্তাৰক্ষীৰ লোকে প্রথমে কন্দুৱা গেছ, ৰাবাৰৰ গুলী ব্যৱহাৰ কৰি প্ৰতিবাদকাৰীসকলক ছত...

April 9, 2025 3:12 PM

views 73

কাঠমাণ্ডুত BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

● নেপালৰ কাঠমাণ্ডুত আজি BIMSTEC ৰ অন্তৰ্ভুক্ত সদস্য ৰাষ্ট্ৰসমূহৰ কৃষিমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ভূটানৰ কৃষিমন্ত্ৰী লিয়নপো য়ওনটেন ফুণ্টচ’ৱে এই বৈঠকত অংশগ্ৰহণৰ বাবে কালি সন্ধিয়া কাঠমাণ্ডুলৈ ৰাওনা হৈছে। আজিৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত ইয়াৰ পূৰ্বে কাঠমাণ্ডুত সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। আজিৰ বৈঠকত BIMSTEC ৰ সদস্যভুক্ত ৭ খন ৰাষ্ট্ৰৰ তিনিখনৰ কৃষিমন্ত্ৰীসকলে সোঁশৰীৰে ভাগ লোৱাৰ লগতে অন্যান্য ৰাষ্ট্ৰৰ কৃষি...

March 17, 2025 7:26 PM

views 72

কাঠমাণ্ডুত হ’বলগীয়া দক্ষিণ এছীয় মিত্ৰজোঁটৰ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ বিবেক দাসৰ

বিশ্বনাথৰ কৃষক নেতা বিবেক দাসে দৰিদ্ৰতা দূৰীকৰণৰ বাবে দক্ষিণ এছীয় মিত্ৰজোঁটৰ নেপালৰ কাঠমাণ্ডুত হ'বলগীয়া অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে। অহা ২০ আৰু ২১ মাৰ্চত হ'বলগীয়া এই অনুষ্ঠানত শ্রীদাসে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত দক্ষিণ এছিয়াৰ চাহ উৎপাদনকাৰী দেশ যেনে- চীন, শ্রীলংকা, নেপাল, বাংলাদেশকে ধৰি কেইবাখনো দেশৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দুগৰাকী কৃষক নেতাইও প্রতিনিধিত্ব কৰিব। এই খবৰ লাভ কৰাৰ পাছতেই বিশ...

December 11, 2024 2:33 PM

views 55

নেপাল পর্যটন ব’ৰ্ডৰ সহযোগত কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন

কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপাল পর্যটন ব'ৰ্ডৰ সহযোগত কালি প্ৰথম ভাৰত-নেপাল পর্যটন অধিবেশনৰ আয়োজন কৰে। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ প্ৰচাৰ আৰু ভাৰত আৰু নেপালৰ মাজত পাৰস্পৰিক পৰ্যটন ব্যৱস্থাক লাভান্বিত কৰিবলৈ সংযোগ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। নেপাল চৰকাৰৰ সাংস্কৃতিক, পর্যটন আৰু অসামৰিক বিমান পৰিবহণৰ ৰাজ্য মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়ে অধিৱেশন উদ্বোধন কৰে। উদ্বোধনী ভাষণত নেপাল পর্যটন ব'ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক ৰাজ যোশীয়ে ভাৰত, নেপাল অভিমুখী বিদেশী পৰ্য...