November 17, 2025 1:18 PM

views 39

৭৪ সংখ্যক কাৰ্বি আংলং দিৱস পালন

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত আজি ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস পালন কৰা হৈছে। ডিফুৰ তাৰালাংছ'ত পুৱা পতাকা উত্তোলনেৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে এই কাৰ্যসূচী আৰম্ভ কৰে। দুপৰীয়া কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ'ৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত বিধানসভাৰ উপাধ্যক্ষ ড° নোমল মমিন, বিধায়ক বিদ্যাচিং ইংলেং, দৰচিং ৰংহাং, ৰূপচিং টেৰনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব।