March 22, 2025 9:12 PM

views 34

কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কণীধান খেতিৰ প্ৰশিক্ষণৰ সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ১৭ মাৰ্চৰ পৰা অনুষ্ঠিত কণীধান খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। এই প্ৰশিক্ষণত আধুনিক পদ্ধতিৰে কণীধান খেতিৰ কাৰিকৰী দিশ, প্ৰসংস্কৰণ, বজাৰৰ চাহিদা সৃষ্টিকে ধৰি বিভিন্ন বিষয়ত প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰোৱা হয়। তদুপৰি ২০গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত কণীধানৰ পৰা খাদ্য-সামগ্ৰী প্ৰস্তুতকৰণ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। এই প্রতিযোগিতাত শান্তি চেত্ৰীয়ে প্ৰথম স্থান লাভ কৰে।