August 8, 2026 9:53 PM
17
পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ সবিতা দাসৰ পৰিদৰ্শন
পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চল আজি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ সবিতা দাসে পৰিদৰ্শন কৰে। জিলাখনৰ অসম-মেঘালয় সীমান্তৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰাৰ লগতে তেওঁ বিশেষকৈ মকৈইলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত সোমটন গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে। এই সময়ছোৱাত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সীমান্ত অঞ্চলৰ গাঁৱৰ সুৰক্ষা, সীমান্ত অঞ্চলত সংঘটিত অপৰাধ প্ৰতিৰোধ আৰু হ্ৰাস কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু আৰক্ষীৰ মাজত উন্নত যোগসূত্র নিশ্চিত কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰে। ব...