May 24, 2025 8:15 PM

views 50

সন্ত্ৰাসবাদৰ প্রতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয়া প্ৰতিনিধি দলটোৰ

ডি এম কেৰ সাংসদ কানিমোঝিৰ নেতৃত্বত ৰাছিয়ালৈ যোৱা বহুদলীয়া প্ৰতিনিধি দলটোৱে আজি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্রতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে নিজৰ স্থিতি স্পষ্ট কৰে। মস্কোত থকা ভাৰতীয় দূতাবাসত এখন যুটীয়া সংবাদমেলত সাংসদ কানিমোঝিয়ে কয়, যে পাকিস্তানৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীয়ে পেহেলগামৰ আক্ৰমণ সংঘটিত কৰিছে আৰু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা সংগঠনটোক পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰক্ষণা-বেক্ষণা দিছে। তেওঁ কয়, যে ভাৰতে  দায়িত্বশীলভাৱে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে আৰু ...

May 23, 2025 3:50 PM

views 40

মস্কোত উপস্থিত ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দল

পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী কার্যকলাপক উদঙাই দিয়াৰ উদ্দেশ্যৰে ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰেৰণ কৰা ৭ টা প্ৰতিনিধি দলৰ মাজৰ ডি এম কেৰ সাংসদ কানিমোঝি কৰুণানিধিৰ নেতৃত্বাধীন দলটো আজি মস্কোত উপস্থিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শ্ৰীমতী কৰুণানিধিয়ে, ৰাছিয়াক ভাৰতৰ কৌশলগত সহযোগী দেশ বুলি অভিহিত কৰি কয়, যে কূটনৈতিক বিষয় আৰু বাণিজ্যৰ ক্ষেত্ৰত উভয় দেশেই একেলগে কাম কৰি আহিছে। ভাৰতবৰ্ষ সততে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কবলত পৰা বিষয়টো সন্দৰ্ভত ৰাছিয়াক অৱগত কৰোৱাটো গুৰুত্বপূৰ্ণ বু...