August 4, 2026 1:19 PM

views 4

কামৰূপ জিলাত লোকপিয়ল ২০২৭ৰ স্বগণনা কাৰ্যসূচী

লোকপিয়ল ২০২৭ ৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত স্বগণনা অনুষ্ঠিত হৈছে। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ জনসাধাৰণক এই কাৰ্যসূচীত অংশ লৈ স্ব-গণনা সম্পন্ন কৰিবলৈ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে কালি অনলাইনযোগে তথ্য পূৰণ কৰি স্বগণনা প্ৰক্ৰিয়া সম্পন্ন কৰে। শ্ৰী মিশ্ৰই নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্বগণনা সুবিধাৰ সৎব্যৱহাৰ কৰি এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত সক্রিয়ভাৱে অংশ ল'বলৈ জনসাধাৰণক আহ্বান জনায় ৷