September 24, 2024 9:15 PM

views 20

কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণাৰ নিৰ্দেশ প্রত্যাহাৰ

কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰি জাৰি কৰা নিৰ্দেশ প্রত্যাহাৰ কৰা হৈছে। বতৰ পূৰ্বৰ তুলনাত কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ প্রত্যাহাৰ কৰা হয়। অৱশ্যে বিদ্যালয় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ খোলা ৰখাৰ নির্দেশ অব্যাহত থাকিব। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ জাৰি কৰা হৈছিল ।