November 6, 2024 12:47 PM

views 88

ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শেহতীয়া ফলাফল অনুসৰি ২৪৮ টা ইলেক্টৰেল ভোটেৰে অগ্ৰগতি লাভ কৰিছে। ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ট্রাম্পৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ডেম’ক্রেটিক দলৰ কমলা হেৰিছে বৰ্তমানলৈ ২১৪ টা ইলেক্টৰেল ভোট লাভ কৰিছে। উল্লেখযোগ্য যে দেশখনৰ ৰাষ্ট্ৰপতি পদত নির্বাচিত হ’বলৈ এজন প্রার্থীয়ে সর্বমুঠ ৫৩৮ টা ইলেক্টৰেল ভোটৰ ২৭০ টা ভোট লাভ কৰিব লাগিব।

November 4, 2024 8:13 PM

views 36

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ ব...