June 30, 2025 7:55 PM

views 43

কৈলাস মানসৰোবৰ যাত্ৰা ৫ বছৰৰ বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ আৰম্ভ

কৈলাস মানসৰোবৰ যাত্ৰা ৫ বছৰৰ বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ আৰম্ভ হৈছে। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ পৰা এই যাত্ৰা বন্ধ ৰখা হৈছিল। এইবাৰ এই যাত্ৰা ছিকিমৰ নাথুলা পাছ আৰু উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি এই যাত্ৰা আগষ্টলৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে। হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে ভগৱান শিৱৰ বাসস্থান কৈলাস পর্বতক পৱিত্ৰ বুলি গণ্য কৰি আহিছে। ছিকিম চৰকাৰে যাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।