July 15, 2024 6:02 PM

views 41

কে পি শর্মা অ’লীৰ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ

কে পি শর্মা অ'লীয়ে আজি চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ শীতল নিবাসত ৰাষ্ট্ৰপতি ৰামচন্দ্র পাউড়েলে শ্রীঅলীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ২১ গৰাকী নৱ নিযুক্ত মন্ত্রীকো পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অ'লী নেতৃত্বাধীন কেবিনেটত বর্তমান এন চি, ইউ এম এল, জনতা সমাজবাদী পাৰ্টি আৰু লোকতান্ত্রিক সমাজবাদী পাৰ্টিৰ মন্ত্ৰীসকল অন্তৰ্ভুক্ত হৈছে। নেপালী কংগ্ৰেছ দলৰ প্ৰকাশ মানসিং আৰু চি পি এন-ইউ এম এল দলৰ বিষ্ণুপ্ৰসাদ পাউ...