January 26, 2025 8:51 PM

views 60

হৃদৰোগ বিশেষজ্ঞ ড০ কে এম চেৰিয়ানৰ বেংগালুৰুত দেহাৱসান

দেশৰ এগৰাকী খ্যাতনামা হৃদৰোগ বিশেষজ্ঞ ড০ কে এম চেৰিয়ানৰ আজি বেংগালুৰুত দেহাৱসান ঘটে। বিগত ৫০ বছৰৰো অধিক কাল হৃদৰোগৰ চিকিৎসা ক্ষেত্ৰত সেৱা আগবঢ়োৱা চেৰিয়ানৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। অলপতে কেৰালাত চিকিৎসকগৰাকীয়ে তেওঁৰ জীৱনী গ্রন্থ উন্মোচন কৰিছিল। ভাৰতৰ এগৰাকী ৰোগীৰ দেহত প্ৰথমবাৰৰ বাবে হাওঁফাওঁ সংস্থাপন কৰাকে ধৰি হৃদৰোগৰ শল্য চিকিৎসাৰ ক্ষেত্ৰত কেইবাটাও দৃষ্টান্তমূলক কার্য তেওঁ সম্পন্ন কৰিছে। তেওঁৰ নেতৃত্বত চেন্নাইত গঢ় লৈ উঠা বৃহৎ চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠানটোত চিকিৎ‍সাৰ বাবে দেশ-বিদেশৰ অ...