April 15, 2025 12:28 PM

views 27

সংবিধানে বিভিন্ন সময়ত দেশখনক শক্তিশালী, সুস্থিৰ আৰু ঐক্যবদ্ধ কৰাৰ ভূমিকা পালন কৰি আহিছেঃ ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই কয়, যে দেশৰ সংবিধানে বিভিন্ন সময়ত দেশখনক শক্তিশালী, সুস্থিৰ আৰু ঐক্যবদ্ধ কৰাৰ ভূমিকা পালন কৰি আহিছে। কালি নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত আয়োজিত প্রথম ড০ আম্বেদকাৰ সোঁৱৰণী বক্তৃতাত এই কথা প্ৰকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয়, যে বিগত বৰ্ষবোৰত দেশখনে বিভিন্ন বাহ্যিক আগ্ৰাসন আৰু আভ্যন্তৰণী অশান্তিৰ সন্মুখীন হৈছিল যদিও ই একত্ৰিত আৰু শক্তিশালী হৈ আছে। পৰৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱাবলৈ সংবিধানখন সময়ে সময়ে সংশোধন কৰা হয় বুলি...