December 13, 2024 10:49 AM

views 36

মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত থাইলেণ্ড ৯-০ গ’লত পৰাস্ত

ভাৰতে যোৱানিশা ওমানৰ মাস্কাটত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল-এৰ নিজৰ চতুৰ্থখন খেলত থাইলেণ্ডক ৯-০ গ'লত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অহা বছৰ ছিলিত হ'বলগীয়া এফ আই এইচ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ খেলখনত সহ অধিনায়ক সাক্ষী ৰাণাই প্ৰথমটো গ'ল দিয়ে। খেলখনত ভাৰতৰ দিপিকাই চাৰিটা আৰু কণিকা ছিৱাছে তিনিটা গ'ল দিয়ে। ভাৰত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত কাইলৈ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।