September 2, 2026 1:42 PM
2
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্রহণ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্রহণ কৰা হৈছে। বর্তমান এই প্রক্রিয়া চলি আছে। যোৱাবছৰৰ ১৯ ছেপ্তেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ জনতাৰ শিল্পী জুবিন গাৰ্গে প্ৰাণ হেৰুৱাইছিল। এই গোচৰ সংক্ৰান্তত জুবিন গাৰ্গৰ সৈতে য়টত থকা প্রবাসী অসমীয়াসকলক সাক্ষ্য প্ৰদানৰ বাবে ফাষ্টট্ৰেক আদালতলৈ তলব কৰা হৈছে । আজি প্ৰথমগৰাকী সাক্ষী হিচাপে পৰীক্ষিত শৰ্মাই সাক্ষ্য দিয়াৰ পাছত আন ১০ গৰাকী প্ৰবাসী অসমীয়াই সাক্ষ্য প্ৰদান কৰিব।