August 23, 2025 8:12 PM

views 25

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ কর্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৱা ২০ আগষ্টৰ পৰা আয়োজন কৰা প্ৰশিক্ষণ কর্মশালাৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণত ৰাজ্যখনৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই প্ৰশিক্ষণ কর্মশালা যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ড° বীৰেন্দ্ৰমণি তিৱাৰীয়ে উদ্বোধন কৰে। এই কৰ্মশালাত পৰিৱেশ তথা বন সংৰক্ষণৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে অৱগত কৰোৱা হয়৷