April 25, 2025 11:10 AM

views 30

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলবিষয়ক কৰ্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা ২২ এপ্ৰিলৰ পৰা সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ বিষয়ে অনুষ্ঠিত প্রশিক্ষণ কর্মশালাৰ কালি সামৰণি পৰে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত উত্তৰ-পূব অঞ্চলৰ সামুহিক সম্পদ ব্যৱস্থাপনা সমিতিৰ অৰ্থ সাহায্যত চাৰিখন ৰাজ্যৰ কুৰি গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° নীতিন কুলকার্ণীয়ে কৰ্মশালাৰ উদ্বোধন কৰে। প্ৰশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষণ সঞ্চালক ৰাজীৱ কুমাৰ কলিতা আৰু গৱেষণা প্রতিষ্ঠানটোৰ সমন্বয়ক ত...