August 29, 2024 9:14 PM

views 27

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে পঞ্চম আঞ্চলিক গৱেষণা সন্মিলন

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পঞ্চম আঞ্চলিক গৱেষণা সন্মিলন অনুষ্ঠিত হৈছে। ডেৰাডুনৰ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ সঞ্চালক প্রধান কাঞ্চন দেৱীয়ে এই সন্মিলনৰ শুভাৰম্ভ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যৰ ভালেকেইগৰাকী উচ্চ পদস্থ বিষয়াই সন্মিলনখনত অংশগ্রহণ কৰে। জ্যেষ্ঠ বিজ্ঞানী ড০ ৰাজীৱ কুমাৰ বৰাই প্ৰতিষ্ঠানৰ গৱেষণা তথা উন্নয়ন সম্পর্কে বিশদভাৱে ব্যাখ্যা কৰে৷ ইয়াৰ লগতে প্ৰতিষ্ঠানখনে লোৱা কাৰ্যপন্থা সম্পৰ্কেও সন্মিলনখনত আলোচনা কৰা হয় ৷