July 25, 2026 12:46 PM
3
যোৰহাট জিলাৰ অত্যন্ত দূৰৱৰ্তী-দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানা চুকত স্বাস্থ্য শিবিৰ
যোৰহাট জিলাৰ শ'লমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অত্যন্ত দূৰৱৰ্তী আৰু দুৰ্গম বানাক্ৰান্ত অঞ্চল বৰকানা চুকত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ ফলত স্বাস্থ্য কৰ্মীসকলে বহুতো প্ৰত্যাহ্বান নেওচি বানপীড়িত অঞ্চলটোত উপস্থিত হয়। যোৰহাট জিলা প্ৰশাসনে তেওঁলোকৰ এই সাহসী পদক্ষেপ আৰু সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ।