October 29, 2024 12:17 PM

views 43

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগত অসম ৰেঞ্জাৰ এফ চিৰ খিতাপ অৰ্জন

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগৰ কালি অনুষ্ঠিত চূড়ান্ত খেলত অসম ৰেঞ্জাৰ এফ চিয়ে অনিৰুদ্ধ স্পৰ্টছ ক্লাবক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। অসম ৰেঞ্জাৰ এফ চিৰ হৈ অনমিত্ৰ বৰা আৰু ঋতুপল্লব চলিহাই ক্ৰমে খেলৰ তৃতীয় মিনিট আৰু ৭৯ মিনিটত গ'ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে। বিজয় সূত্ৰে বাপুৰাম কটকী সোঁৱৰণী বঁটা লাভ কৰা অসম ৰেঞ্জাৰ এফ চিৰ মানস সোণোৱালে শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। বঁটাসমূহ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু ক্ৰীড়া সংগঠক বিপুল দুৱৰাই প্ৰদান কৰে। প্ৰতিযোগিতাৰ...