October 19, 2024 6:51 PM

views 50

শিশুৰ সৃজনীশীলতাক ৰং-তুলিকাৰে জিলিকাই তোলাৰ প্ৰয়াসেৰে যোৰহাটত চিত্রাংকন প্রতিযোগিতা

শিশুসকলৰ সৃজনীশীলতাক ৰং আৰু কল্পনাৰ তুলিকাৰে জিলিকাই তোলাৰ প্ৰয়াসেৰে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত এখন চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। যোৰহাট পুলিচ ৰিজাৰ্ভত অনুষ্ঠিত প্রতিযোগিতাখনত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিশুসকলৰ সৃষ্টিশীলতাৰ উদযাপনৰ জৰিয়তে সামাজিক বান্ধোন সুদৃঢ় কৰাৰ স্বাৰ্থত যোৰহাট আৰক্ষীয়ে এই সাংস্কৃতিক প্ৰয়াস হাতত লৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।