February 13, 2025 7:10 PM

views 29

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত ‘কৃষি আৰু আনুষংগিক খণ্ডত বতৰ আৰু জলবায়ু’বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৃষি আৰু আনুষংগিক খণ্ডত বতৰ আৰু জলবায়ুভিত্তিক সিদ্ধান্তৰ বাবে অগ্ৰণী প্ৰযুক্তি কৌশল শীৰ্ষক এখন ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞান বিভাগৰ উদ্যোগত আয়োজন কৰা এই সন্মিলন আজি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমহন্তই কৃষি ক্ষেত্ৰত বতৰ বিজ্ঞানৰ ভূমিকা আৰু শেহতীয়া তথ্য প্ৰযুক্তিৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। সন্মিলনত দে...