February 13, 2025 8:57 PM

views 22

সংসদৰ দুয়োখন সদনতে ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিৰ প্রতিবেদন দাখিল

বিৰোধী পক্ষৰ সদস্যসকলৰ প্ৰতিবাদৰ মাজতে সংসদৰ দুয়োখন সদনতে আজি ৱাকফ সংশোধনী বিধেয়ক ২০২৪ সন্দৰ্ভত যুটীয়া সমিতিয়ে প্রতিবেদন দাখিল কৰে। দিনৰ ২ বজালৈ লোকসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ অন্তত সদন যেতিয়া পুনৰ আৰম্ভ হয়, তেতিয়া যুটীয়া সমিতিৰ অধ্যক্ষ জগদম্বিকা পালে সদনত প্ৰতিবেদন দাখিল কৰে। লগে লগে বিৰোধীপক্ষৰ সদস্যসকলে কোলাহলৰ সৃষ্টি কৰে। ইয়াৰ মাজতে কেন্দ্রীয় গৃহমন্ত্রীয়ে কয়, যে লোকসভাৰ অধ্যক্ষ ওম বিলাই যদি বিৰোধী পক্ষৰ দাবী অনুসৰি মতভেদ টোকা সংযোজন কৰাৰ অনুমতি প্রদান কৰে তেন্তে এইক্ষেত্ৰত বিজ...