August 11, 2026 8:04 PM

views 19

মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্রদানৰ আহ্বান ৰাজ্যসভাৰ সাংসদ যোগেন মহনৰ

ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্রদানৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যসভাত বিশেষ উল্লেখৰ জৰিয়তে বিষয়টো উত্থাপন কৰি অসমৰ সাংসদগৰাকীয়ে কয় যে মাজুলী ৰাজ্যৰ সাংস্কৃতিক আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কেন্দ্ৰস্বৰূপ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো মুখা শিল্প, সাঁচিপাতৰ পুথিৰ সংৰক্ষণ, সংগীত আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰাণস্বৰূপ বুলি সাংসদগৰাকীয়ে প্রকাশ কৰে। তেওঁ কয় যে ইউনেস্কোৰ স্বীকৃতিয়ে মাজুলীক ভাৰতীয় সভ্যত...