May 16, 2025 9:05 PM

views 43

বিশিষ্ট সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ২০২৩ বৰ্ষৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীত বিশিষ্ট সংস্কৃত পণ্ডিত জগদগুৰু ৰামভদ্ৰাচাৰ্যক ২০২৩ বৰ্ষৰ বাবে ৫৮ সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰে। জগদগুৰু ৰামভদ্ৰাচাৰ্য আৰু বিশিষ্ট উর্দু কবি তথা সংগীতকাৰ গুলজাৰক ২০২৩ বৰ্ষৰ এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে দুয়োগৰাকী সাহিত্যিকক অভিনন্দন জনায়। অনুষ্ঠানত জগদগুৰু ৰামভদ্ৰাচাৰ্যই নিজৰ আনন্দ প্ৰকাশ কৰি কয় যে এই বঁটাই তেওঁৰ কৰ্মৰাজিক পৰিচয় প্ৰদান কৰিলে।