September 25, 2024 12:20 PM

views 40

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰা হৈছে। এই পৰ্যায়ত ২৬ টা সমষ্টি সামৰি লোৱা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণৰ সন্ধিয়া ৬ বজাত সমাপ্তি ঘটিব। সর্বাধিক সংখ্যক লোকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে অঞ্চলসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। নিকা, নিৰপেক্ষ আৰু মসৃণ ভোটগ্রহণ নিশ্চিত কৰিবলৈ নগৰ অঞ্চলত এহেজাৰ ৫৬ টা আৰু গাঁও অঞ্চলত দুহেজাৰ চাৰিশ ৪৬ টা ধৰি মুঠ তিনিহেজাৰ পাঁচশ ২ টা ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে। আটাইবোৰ কেন্দ্ৰতে ৱেব...

September 24, 2024 7:41 PM

views 58

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ২৬টা সমষ্টিৰ ভোটগ্ৰহণ

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ভোটগ্রহণ মুক্ত, নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত ছখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নিৰ্বাচন হ'বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ, গান্দেবল আৰু বুডগাম আছে। এই পর্যায়ত প্রায় ২৫ লাখ ৭৮ হাজাৰ ভোটদাতাই ২৩৯ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় কৰিব। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৰা...

September 22, 2024 11:13 AM

views 89

২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইপিনে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ঝাৰখণ্ডৰ এই বছৰতে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা কৰিবলৈ কাইলৈৰ পৰা দুদিনীয়া ৰাঁচি ভ্ৰমণ কৰিব। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া কে ৰবি কুমাৰে কৈছে যে নিৰ্বাচনৰ আয়োগৰ দলটোৱে ৰাঁচিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সাক্ষাৎ‍ কৰিব তেওঁলোকে মুখ্য নির্বাচনী বিষয়া, ৰাজ্যি...

August 29, 2024 7:12 PM

views 74

জম্মু-কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

দেশৰ নিৰ্বাচন আয়োগে জম্মু কাশ্মীৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। ইয়াৰ লগে লগে মনোনয়ন-পত্র দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৫ ছেপ্তেম্বৰত মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন আৰু অহা ৬ ছেপ্তেম্বৰত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে অহা ৯ ছেপ্তেম্বৰলৈ মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। অহা ২৫ ছেপ্তেম্বৰত এই পৰ্যায়ত জম্মু কাশ্মীৰৰ ৬ খন জিলাৰ ২৬টা বিধানসভা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচন অনুষ্ঠিত হ'বলগা জিলাকেইখন হ'ল- গণ্ডাৰবল, ৰাজৌৰী, শ্ৰীনগৰ, বুদগাম, ...